How to get Banking Jobs: চনত: সকলো ধৰণৰ চাকৰিৰ ভিতৰত অন্যতম জনপ্ৰিয় এটা চাকৰি হ'ল বেংকিং Job য'ত আপুনি এই চাকৰি অতি comfortable ভাৱে কৰিব পাৰে। বেংকৰ চাকৰি হ'ল এনে এক অন্যতম চাকৰি য'ত মাহিলী অধিক দৰমহা পাবলৈ সক্ষম হয়। এটা official Jobৰ ভিতৰত অতি popular চাকৰি বুলি ক'ব পাৰি। লিখা পঢ়া কৰি এটা উপযুক্ত ভাল চাকৰি পোৱাৰ আশা সকলো ল'ৰা ছোৱালীৰ। আনকি পৰিয়ালৰ প্ৰতি জন মূৰব্বীৰ এটা আশা থাকে তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ careerৰ উপৰত। যাতে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে লিখা পঢ়া কৰি এটা উপযুক্ত চাকৰি পায় আৰু সুন্দৰ এটা Life Career আৰম্ভ কৰিব পাৰে।
জীৱন যাপন কৰাৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগীয়া নহয় তাৰ প্ৰতি সকলো পৰিয়ালে আশা কৰে।
বৰ্তমান সময়ছোৱা হৈছে এক আধুনিক সময়। আজিৰ সময়ত সকলো ল'ৰা ছোৱালীৰ মনত এটা আশা থাকে যে তেওঁ ভৱিষ্যতে এজন ধনী ব্যক্তি হ'ব। সেয়েহে সময়ৰ পৰিবৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ এই Article টোৰ জৰিয়তে জনপ্ৰিয় এটা চাকৰি ভিতৰত Banking Jobsৰ বিষয়ে বহলাই আলোচনা কৰা হ'ব।
যিসকল পুৰুষ মহিলাই বেংকৰ চাকৰি choice কৰে বা ইয়াৰ জৰিয়তে নিজৰ ভৱিষ্যত গঢ় দিব বিচাৰে তেওঁলোকে এই লিখনি অতি গুৰুত্বপূৰ্ণ সহকাৰে প্ৰথমৰ পৰা আৰম্ভ কৰি শেষলৈকে এবাৰ ভালদৰে পঢ়ি ল'ব পাৰে।
জানক কেনেকৈ বেংকৰ চাকৰি পাব - সহজ সৰল উপায়
Bank সমূহৰ চাকৰি ভৰ্তিৰ ক্ষেত্ৰত Examৰ আয়োজন কৰা দায়িত্ব IBPS মানে Institute of banking personal selection ক প্ৰদান কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে যোগ্যতা সম্পন্ন যুৱক যুৱতীক বেংকৰ চাকৰিত নিযুক্তি প্ৰদান কৰা।
ইয়াৰ উপৰিও ভাৰতৰ জনপ্ৰিয় এটা বেংক SBI য়ে নিজৰ Exam নিজাববীয়াকৈ অনুষ্ঠিত কৰে। যিকোনো ক্ষেত্ৰত এটা উপযুক্ত ভাল চাকৰি তেতিয়াই পোৱা যায় যেতিয়া আপোনাৰ শৈক্ষিক যোগ্যতা যথেষ্ট গুন বিশিষ্ট হয়।
ডাঙৰ ডাঙৰ চাকৰি সমূহৰ ক্ষেত্ৰত তেওঁলোকেই বহে যিসকল High Qualified ব্যক্তি। অধিক qualify ৰ ভিতৰত আমাৰ কবলগীয়া এইটোৱে যে যদি আপুনি Graduation কৰিছে তেন্তে বেংকৰ ডাঙৰ ডাঙৰ পোষ্ট যেনে বেংক PO আদিৰ দৰে বিভাগত আবেদন কৰিব পাৰে। যদি আপুনি H.S. Pass কৰিছে তেন্তে বেংকৰ চাকৰি বিচাৰি আছে তেতিয়া মাথোন বেংক ক্লাৰ্ক পদৰ বাবে আবেদন কৰিব পাৰে।
এনে বহুসংখ্যক প্ৰাৰ্থী আছে যিসকলে বেংকৰ চাকৰি পাব বিচাৰে কিন্তু তেওঁলোকে এয়া নাজানে যে এই ক্ষেত্ৰত তেওঁ লোক কেনেদৰে আগবাঢ়িব ? কি কি উপায় আছে যিবোৰৰ জৰিয়তে Banking sectorsত এটা উপযুক্ত চাকৰি পাব পাৰে। য'ত সুন্দৰ এটা Career গঢ় দিব পাৰে।
Banking sectors সমূহৰ পোষ্ট সমূহ
সাধাৰণতে বেংক বিভাগৰ বহু ধৰণৰ চাকৰিৰ পদ থকা দেখা যায় য'ত অধিকাংশ ক্লাৰ্ক, Probationary Officer (PO), Management Trainee (MT), আৰু Specialist Officer (SO) বিভাগৰ চাকৰি কৰিব বিচাৰে। Bank Clark চাকৰিৰ বাবে আপোনাৰ শৈক্ষিক যোগ্যতা 12 পাছ হ'লেই যথেষ্ট। কিন্তু কিছুমান বেংকত Clark পদৰ চাকৰিৰ ক্ষেত্ৰত Graduation কৰা সকলক বিচাৰে।
সাধাৰণতে PO আৰু SO চাকৰিৰ বাবে আপোনাৰ শৈক্ষিক যোগ্যতা গ্ৰেজুৱেট হ'লেই যথেষ্ট । SO পদৰ চাকৰিৰ ক্ষেত্ৰত আপোনাৰ বেংক sector সমূহৰ এটা Special Diploma চাৰ্টিফিকেট লোৱাটো প্ৰয়োজনীয়। কিয়নো ইয়াৰ জৰিয়তে আপোনাক বেংকত Special হিচাপে গুৰুত্ব প্ৰদান কৰা হ'ব।
সকলোতকৈ প্ৰথমে আপুনি এয়া নিৰ্ধাৰণ কৰা আৱশ্যক যে আপুনি কোনটো বিভাগৰ চাকৰিত পোষ্ট পাব বিচাৰে। যদিহে আপোনাৰ PO অথবা SO পদৰ চাকৰিৰ বাবে মন হয় তেন্তে আপুনি গ্ৰেজুৱেট হোৱাটো অতি প্ৰয়োজনীয়।
Private Or Public ক্ষেত্ৰৰ Bank সমূহ
যদি আপুনি গ্ৰেজুৱেট Complete কৰিছে তেন্তে Private Or Public ক্ষেত্ৰৰ Bank সমূহৰ বাবে আবেদন কৰিব পাৰে। লগতে যদি বেংক বিভাগৰ যিকোনো এটা বিশেষ diploma certificate কৰা থাকে তেন্তে আপোনাৰ বাবে অতি ভাল। Public Sector bank সমূহৰ চাকৰিৰ বাবে আপোনাৰ IBPS ৰ Exam ত qualify হোৱাটো প্ৰয়োজনীয় য'ত sbi ৰ ক্ষেত্ৰত এটা বেলেগ পৰিক্ষা লোৱা হয় যাৰ জৰিয়তে এই বেংকৰ PO পোষ্টত নিয়ুক্তি লাভ কৰিব পাৰি।
দ্বিতীয়তে Private bank সমূহ। ভাৰতবৰ্ষত প্ৰাইভেট বেংক সমূ্হৰ সংখ্যা অধিক হোৱা দেখা যায়। যদি আপুনি ইচ্ছা কৰে তেন্তে Private বেংকৰ চাকৰিৰ যোগেদিও অধিক দৰমহা লাভ কৰিব পাৰে।
এই ক্ষেত্ৰত বেংক সেৱা আগবঢ়োৱা উৱেবছাইট সমূহৰ যোগেদি চাকৰিৰ বিজ্ঞাপনৰ সময়ত আবেদন কৰিব পাৰে।
বেংক সমূ্হৰ PO বিভাগৰ চাকৰি Examত Qualify কেনেকৈ হ'ব
বেংকৰ চাকৰি পোৱাৰ ক্ষেত্ৰত উপায় সমূহৰ ভিতৰত অন্যতম এটা দিশ হৈছে PO পৰীক্ষাত উত্তীৰ্ণ কেনেকৈ হ'ব। বহু ক্ষেত্ৰত দেখা যায় যে দিন ৰাতি পৰিশ্ৰম কৰাৰ পিছতো examত উত্তীৰ্ণ হ'ব নোৱাৰে। এনে ক্ষেত্ৰত আপুনি কেৱল বেংকৰ আনুষ্ঠানিক কিতাপ অধ্যয়ন কৰিলেই নহ'ব ইয়াৰ উপৰিও বাহিৰা জ্ঞান থকাটো প্ৰয়োজনীয়।
Conclusion
Bank jobsইয়াৰ বাবে বৰ্তমান সময়ছোৱাত বজাৰত বহুত General Knowledge ৰ Books পোৱা যায়। এই সমূহৰ অধ্যয়ন কৰাৰ জৰিয়তে অধিক জ্ঞান আহৰণ কৰিব পাৰে যিটোৱে আপোনাৰ Exam ত Qualify হোৱাৰ ক্ষেত্ৰত অধিক সহায় কৰিব।